(১)
"দেউতা,মা ঘৰলৈ কেতিয়াকৈ আহিব৷এইকেইদিন যে মা ঘৰত নাই,মই ইমান আমনি পাইছো,মোৰ সৈতে লুডু খেলিবলৈও কোনো নাই" বাবুয়ে দেউতাকক আব্দাৰ কৰি সুধিলে৷"আহিব সোণ৷আজি মাক আমি আবেলিকৈ ডাক্তৰ আংকলৰ তাৰ পৰা লৈ আহিম৷মাৰ লগত যে ভন্টীও আহিব তুমি গম পাইছা নে নাই৷এতিয়াৰ পৰা আৰু তুমি মাৰ লগত খেলিব নালাগে৷সৰু ভন্টী আহিব নহয়৷ভন্টীৰ লগত খেলিবা দেই………" "ছাৰ সাপ,সাপ!পাকঘৰত সাপ ওলাইছে৷" চলিহাৰ কথাৰ মাজতে আতংকবিহ্বল হৈ বনকৰা মনো বায়ে চিঞৰি উঠিল৷
"দেউতা তুমি সাপটোলৈ কিয় ফেনাইল মাৰিলা" "ফেনাইলৰ গোন্ধ পালে সাপ আতৰি যায়৷খালী সাপৰ গাত পৰাকৈ ফেনাইল মাৰিব নালাগে৷ন'হলে সাপটো মৰি থাকিব৷সিহঁতো জীয়লগা বস্তুহে কষ্ট দিব নাপায়৷"দেউতাকে বাবুক বুজালে৷
(2)
"বাবু আজিৰ পৰা তুমিয়ে-ময়ে একেলগে শুম দেই৷মায়ে-ভন্টীয়ে আমাৰ কাষৰ বিছনাখনতে শুব" "নাই ন'হব৷মই মাৰ লগত শুম৷বাবুয়ে ঠেনঠেনালে৷" "বাবু,এনেকৈ আমনি নকৰে৷তুমি ভাল ল'ৰা নহয়৷"চলিহাই বুজনিৰ সুৰত ক'লে৷বাবুৰ দুগালত দুধাৰি চকুপানী জিলিকি উঠিল৷
(3)
"দেউতা ভন্টীয়ে মোৰ পুতলাটো হাতৰ পৰা পেলাই ভাঙি পেলালে৷মই মাক ভন্টীক গালি দিবলৈ কৈছিলো৷মায়ে ওলোটাই মোকহে গালি দিলে৷"অফিচৰ পৰা আহি পোৱাৰ মাত্ৰকে বাবুৱে চলিহাক গোচৰ তৰিলে৷"হেই!ইমান ডাঙৰ ল'ৰাটোৱে কিবা পুতলাৰ লগত খেলে নেকি!ভন্টীক খেলিব দিয়া আকৌ৷" "এইজনী অহাৰ পৰা তোমালোকে মোক মৰমেই নকৰা হ'লা৷অনবৰতে খালী ভন্টী,ভন্টী আৰু ভন্টী৷এইজনীক ডাক্তৰ আংকলৰ ঘৰতে এৰি থৈ অহা হ'লেই ভাল আছিল৷" প্ৰচণ্ড অভিমানেৰে কোনোমতে ডিঙিলৈকে উজাই অহা কান্দোনটো চেপি ৰাখি বাবুৱে ক'লে৷
(4)
"বাবু,মই তোমালৈ কি আনিছো চোৱা৷এইটো তুমি খাই ভাল পোৱা কেডবেৰী চকলেট"সৰু নাতিনীয়েকৰ কাইলৈ অন্নপ্ৰাসন্ন বুলি এদিন আগেয়ে জীয়েক-জোৱায়েকৰ ঘৰত থাকিবলৈ অহা আইতাকে হাঁহি এটা মাৰি বাবুলৈ কেডবেৰী চকলেট এটা আগবঢ়াই দিলে "মোক নালাগে তুমি অনা চকলেট৷অথনি তুমি আহিয়েই চিধাই ভন্টীকহে কোচত ল'লা৷আগতে তুমি মোক সদায় কোচত লোৱা৷" বাবুৱে প্ৰচণ্ড খঙত চকলেটটো দলিয়াই দিলে৷"বাবু!তুমি দিনে-দিনে অভদ্ৰ হৈ গৈছা৷আইতাক চৰী কোৱা৷চলিহাই প্ৰচণ্ড খঙত বাবুৰ গালত চৰ এটা সোধাই দিলে৷বাবুৱে ফেকুৰি উঠিল৷
(5)
অন্নপ্ৰাসন্নভাগি ভালকৈয়েই হৈ গ'ল আলহী অতিথি বোৰো ঘৰা-ঘৰি গ'ল৷চলিহাই আগফালে টেন্ট হাউচৰ মালিকজনৰ লগত কথা পাতি আছে৷মাকে-আইতাকে চৰাঘৰত বহি অলপ জিৰাইছে৷ "ছাৰ-বাইদেউ!এইফালে আহক৷বেগাই আহক ভন্টীৰ কিবা এটা হৈছে৷ছাৰ……."শোৱনীকোঠাৰ পৰা আতংকবিহ্বল হৈ মনোবায়ে চিঞৰি উঠিল৷বিছনাখনত ভন্টীৰ নিস্প্ৰাণ শৰীৰটো পৰি আছে৷ছালখন ৰঙা আৰু ঠায়ে-/ঠায়ে গাৰ মঙহবোৰ প্ৰায় গলি গৈছে৷মজিয়াত এটা খালী ফেনাইলৰ বটল৷
(6)
চলিহানীয়ে হিয়াধাকুৰি কান্দিছে৷চলিহাই বংশ পৰিয়ালৰ কেইজনমান মানুহৰ সৈতে অলপ আগেয়ে কণমাণিজনীৰ শটো কাষৰে বাৰীখনত পুতিবলৈ ওলাই গ'ল৷আইতাকে মুৰত পানী লৈ কোনোমতে চৰাঘৰৰ চোফা এখনত বহি ভগৱন্তৰ নাম লৈছে৷পুলিছে মনো বাইক জেৰা কৰি আছে৷সকলোৰে অলক্ষিতে কেডবেৰী চকলেটটোত একামোৰ মাৰি বাবুৱে এটা সন্তোষৰ হাঁহি মাৰিলে৷আজিৰ পৰা সি মাকৰ লগত শুৱ৷
No comments:
Post a Comment