মলয়াৰ পৰশে গোলাপৰ সৌৰভ সিচি দিয়া সেই আবেলিটোত আমি দুয়ো দীঘলীপুখুৰীৰ পাৰত ঘন্টাজুৰি মৌনতাৰ ভাষাৰে কথা পাতিছিলো৷"তুমি জীৱনৰ পৰা কি বিচাৰা সমীৰণ" প্ৰিয়াই মোক আকলুৱা কন্ঠেৰে সুধিছিল৷"মাত্ৰ এখন পেইণ্টিং,এখন কালজয়ী পৰ্ট্ৰেইট যি ৰং-তুলিকাৰ এই অখ্যাত শিল্পীৰ প্ৰতিভাক সাঁচি ৰাখিব সময়ৰ অন্তলৈকে৷মই কালজয়ী হ'ব বিচাৰো প্ৰিয়া,মই যুগজয়ী হ'ব বিচাৰো,মোৰ ৰং-তুলিকাৰ সৃ্‌ষ্টিৰে৷" "তুমি পাৰিবা সমীৰণ৷মই বিশ্বাস কৰো এদিন তোমাৰ প্ৰতিভাক বিশ্বই স্বীকৃতি দিব৷তুমি পাৰিবা৷"গভীৰ আবেগেৰে প্ৰিয়াই মোৰ চুলিখিনিত আঙুলি বোলাই দিছিল৷ "আপোনালোকে ইমান দেৰিলৈকে ইয়াত কি কৰি আছে৷চহৰখনৰ বাতাবৰণ মুঠেই ভাল নহয়৷যোৱা সপ্তাহটোত এইখিনিতে তিনিটাকৈ গজালবৃদ্ধ ক্ষতবিক্ষত মৃতদেহৰ উদ্ধাৰ হ'ল৷সন্ধিয়া ইয়াত বহা মানা৷সোনকাল কৰক৷"খাকী পোছাক পৰিহিত সুৰক্ষা কৰ্মীজনে আমাক কিছু কঠোৰভাবেই কথাষাৰ ক'লে৷
     হাইৱেৰে আমাৰ গাড়ীখন আগবাঢ়িছে৷"সমীৰণ,মোক ড্ৰপ কৰাৰ পিছত তোমাৰ ইমানদুৰ বাট অকলে যাবলৈ বেয়া নালাগিব৷তাকো যোৱা সপ্তাহৰ পৰা চহৰখনত যিবোৰহে ঘটনাহে ঘটিবলৈ আৰম্ভ কৰিছে৷" প্ৰিয়াৰ প্ৰশ্নত মই মাত্ৰ এটা বিষণ্ণতাৰ হুমুনিয়াহ কাঢ়ি মুৰ জোকাৰিলো৷আস!আকৰী প্ৰিয়াজনী তুমিটো নাজানা আজিৰ এই যাত্ৰাত তুমি শেষলৈকে মোৰ সহযাত্ৰী৷তোমাৰ ঘৰ পোৱাৰ পূৰ্বেই তুমি টোপনিত ঢলি পৰিবা৷তোমাৰ পানীৰ বটলটোত যে মই শ্লিপিং টেৱলেট গুৰি কৰি মিলাই দিছিলো৷আৰু তুমি যেতিয়া সাৰ পাবা তোমাৰ ওচৰত আৰু বেছি সময় নাথাকিব৷হাতুৰীৰে মৰিয়াই-মৰিয়াই তোমাৰ গাত গজাল শালি দি মই তোমাক ক্ৰুচত ওলোমাই দিম৷তোমাৰ কেঁচা তেজ আৰু মোৰ বেদনাৰ চকুলো!ইয়াতকৈ শ্ৰেষ্ঠ কিবা ৰং জানো আছে এই পৃথিৱীত মোৰ পৰ্ট্ৰেইটখনৰ বাবে৷প্ৰিয়া মোক ক্ষমা কৰিবা,তুমি মোৰ প্ৰথম লক্ষ্য কেতিয়াও নাছিলা৷মইতো তোমাৰ প্ৰেমিক চৰাই৷ক্ৰুছত সিহঁতবোৰক গজালেৰে হানিখুছি ওলোমাই দিওঁতে মই সিহঁতৰ চকুত কি দেখা পাইছিলো৷ভয়,ক্ষোভ,সীমাহীন যন্ত্ৰণা আৰু বিশ্বাসঘাটকতাৰ চকুলো,ওহো সিহঁতৰ যন্ত্ৰণাক্ৰান্ত চকুযুৰিত বিশ্বাসঘাতকতাৰ চকুলোৰ সামান্যতমো ৰেশ নাছিল৷থাকিবই বা কিয়৷সিহঁতবোৰটো আছিল মোৰ দুদিনীয়া চিনাকী৷কিন্তু তুমি তুমি যে মোৰ বুকুৰ আপোন,মোৰ প্ৰথম আৰু শেষ প্ৰেম৷তোমাৰ তেজ আৰু মোৰ চকুলো৷সীমাহীন যন্ত্ৰণা,ভয়,ক্ষোভ আৰু প্ৰেমিকৰ বিশ্বাসঘাতকতাই টুকুৰা-টুকুৰ কৰি পেলোৱা এখন হৃদয়ৰ বেদনাৰে বেদনাক্লান্ত এহাল মৃত্যুমুখী অশ্ৰুসিক্ত চকু৷মই তোমাৰ বিশ্বাস ৰাখিম প্ৰিয়া,মই তোমাৰ কথা ৰাখিম,কাৰণ মই যে তোমাক ভাল পাওঁ৷মোৰ চকুলো আৰু তোমাৰ তেজেৰ মই আজি নিশাই অংকণ কৰিম ইতিহাসৰ এখনি সৰ্বশ্ৰেষ্ঠ পেইন্টিং৷


This free site is ad-supported. Learn more