কি যে এই প্ৰেম!প্ৰেমক লৈ যে কিমান সৃষ্টি আৰু প্ৰেমকেই লৈ যে কিমান যুদ্ধ৷শ্বেক্সপীয়েৰৰ ৰোমিঅ জুলিয়েট,ডান্টেৰ ডিভাইন কমেদী,হোমাৰৰ ইলিয়াদ৷সংগীত,চিত্ৰশিল্প আৰু স্থাপত্য সকলোৰেই সৃষ্টিৰ আৰতেই প্ৰেম৷প্ৰেমৰ বাবেই মহাভাৰত আৰু প্ৰেমৰ বাবেই ৰামায়ণ৷গৌতম বুদ্ধক যেতিয়া এজন জিজ্ঞাসু ব্যক্তিয়ে শুধিছিল ভালপোৱা আৰু ভাললগাৰ মাজত পাৰ্থক্য কি বুদ্ধই এটা মিচিকিয়া হাঁহিৰে উত্তৰ দিছিল তোমাৰ যদি এপাহি সুন্দৰ ফুলক ভাল লাগে তুমি ফুলপাহিক ছিঙি আনি সজাই থবা কিন্তু তুমি যদি সেই ফুল পাহক ভাল পাবলৈ আৰম্ভ কৰা মানে ফুলপাহিৰ প্ৰেমত পৰা তুমি প্ৰতিদিনি ফুলপাহিৰ গুৰিত সাৰ পানী দি লালন পালন কৰিবা৷জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ বুদ্ধৰ এই উত্তৰৰ পৰাই অনুধাৱন কৰিব পাৰি যাতে ভাল লগা(having crush on someone) সাময়িক কিন্তু ভালপোৱা(Love Permanent).

প্ৰেমক লৈ নানা মুনিৰ নানা মত বহুজনেই কয় প্ৰেম এক স্বৰ্তস্ফুত স্বৰ্গীয় অনুভূতি,যদি কোনোৱে কয় প্ৰেম দৈহিক আন কোনোৱে আকৌ কয় প্লেটোনিক?প্ৰেমত পৰাৰ বাৰু নিৰ্দিষ্ট বয়স থাকেনে?প্ৰেম এবাৰেই হয় নে বাৰেবাৰে৷এইদৰেই প্ৰেমক কেন্দ্ৰ কৰি শতাব্দীযুৰি অব্যাহত আছে নানাটা বিশ্বাস নানাটা প্ৰশ্ন?আজিৰ লেখনিটোত গালিবে জৈৱৰসায়ন বিজ্ঞানৰ আধাৰত এনে কিছুমান প্ৰশ্নৰেই উত্তৰ দিবলৈ চেষ্টা কৰিব৷

হয় প্ৰেম স্বৰ্তস্ফুত কিন্তু প্ৰেম যিকোনো ভাল লগা আকৰ্ষণ পক্ৰিয়াৰে অন্তিম পৰ্য্যায়হে৷আকৰ্ষণ সদায়েই প্ৰেমৰ এক পূৰ্বৱৰ্তী স্তৰ৷অৰ্থাৎ আমাৰ প্ৰথমে ভাল লাগে তাৰ পিছত আমি ভাল পাবলৈ আৰম্ভ কৰো৷বুদ্ধই কোৱা ভাললগা আৰু ভালপোৱাৰ সংজ্ঞাত মই সম্পূৰ্ণৰূপে একমত মই মাত্ৰ ইয়াৰ সৈতে এক বৈজ্ঞানিক দৃষ্টিকোণৰ সংযোগ কৰিব বিছাৰো৷ভাললগাৰ আৰত ডপোএমাইন(Dopamine) হৰমোনে ক্ৰিয়া কৰাৰ বিপৰীতে ভালপোৱাৰ আৰত অক্সিটসিন(Oxytocin) হৰোমনে কৰে৷যিবিলাক পণ্য বা ব্যক্তিৰ প্ৰতি আমি আকৰ্ষিত যাৰ সান্নিধ্য আমি উপভোগ কৰে তেনে প্ৰতিটো পণ্য বা প্ৰতিজন ব্যক্তিৰ বিপৰীতেই আমাৰ মস্তিস্কত ডপোএমাইনৰ নিঃসৰণ হয় উদাহৰণস্বৰূপে এজন চকলেটপ্ৰেমীৰ ক্ষেত্ৰত তেওঁ মুখত এটুকুৰা চকলেট ললে তেওঁৰ মস্তিস্কই ডপোএমাইন নিসৰণ কৰে৷সেয়ে তেওঁ চকলেট টুকুৰাৰ সোৱাদ বা সান্নিধ্য উপভোগ কৰে লগতে আকৰ্ষণবশত পুনৰ এটুকুৰা খোৱাৰ ইচ্ছা ৰাখে৷কিন্তু ডপোএমাইনৰ নিসৰণে দ্বায়িত্বশীলতা বৃদ্ধি নকৰে ইয়াৰ প্ৰতিক্ৰিয়া মাত্ৰ আকৰ্ষণৰ সৃষ্টি আৰু উপভোগতেই সীমাবদ্ধ৷কিন্তু ইয়াৰ বিপৰীতে যৌৱনৰ প্ৰেমৰ আৰৰ কাৰক অক্সিটোসিনৰ নিসৰণে প্ৰিয় ব্যক্তিজনৰ প্ৰতি আকৰ্ষণৰ সৃষ্টিৰ লগতে তেওঁৰ প্ৰতি দ্বায়িত্বশীল (responsible) হৈ সান্নিধ্য অথবা সংগ উপভোগত মূখ্য ভূমিকা পালন কৰে৷এনে নহয় যে অক্সিটোসিনৰ অৱদান কেৱল যৌৱনৰ প্ৰেমতেই সীমাবদ্ধ কাৰণ সন্তানৰ প্ৰতিও প্ৰতিগৰাকী মাতৃৰ মস্তিস্কই অক্সিটোসিন নিসৰণ কৰে অৰ্থাৎ ডেকা-গাভৰুৰ প্ৰেম আৰু মাতৃপ্ৰেম উভয়ৰেই আধাৰ এই অক্সিটোসিন৷

অক্সিটোসিন আৰু ডপোএমাইনৰ মাজত আন এক মূখ্য পাৰ্থক্যই হৈছে ডপোএমাইনৰ নিসৰণৰ কোনো নুন্যতম বয়স সীমা নাথাকে কিন্তু অক্সিটোসিনৰ নিসৰণৰ নুন্যতম বয়সী সীমা ২২-২৮ বছৰ পৰ্য্যন্ত৷অৰ্থাৎ আমি ক'ব পাৰো যে প্ৰেমত পৰাৰ এক বয়স থাকে আৰু ব্যক্তি আৰু পৰিবেশ ভেদে এই বয়সৰ সীমা নুন্যতম ২২-২৮ বছৰ৷কৈশোৰৰ প্ৰেম(Teen Age Love) মূখ্যত প্ৰেম নহয় আকৰ্ষণহে অৱশ্যে যদি সংগীৰ সলনি নহয় তেনেহ'লে ২২ বছৰমান অতিক্ৰম কৰাৰ অন্তত অক্সিটোসিনৰ নিসৰণৰ আৰম্ভণিৰ লগেলগে ই প্ৰেমত পৰিণত হোৱাৰো সম্ভাৱনা থাকে৷

সুখ,দুখ,খং,ঈৰ্ষা আদিৰ দৰে প্ৰেমো হৰোমনে সৃষ্ট এক মানসিক স্থিতি মাত্ৰ য'ত কোনো যাদু বা অলৌকিকতা নাই৷সেয়ে আমাৰ আপাতঃ দৃষ্টিত প্ৰেম স্বৰ্গীয় নহয় বৰঞ্চ এক প্ৰাকৃতিক আৰু মানবীয় অনুভৱহে৷

এটা বহুলচৰ্চিত প্ৰশ্ন হ'ল প্ৰেম এবাৰেই হয় নে বাৰেবাৰে?আপাত দৃষ্টিত প্ৰেমক স্থায়ী বোলা হয় যদিও প্ৰেম প্ৰকৃততে স্থায়ী নহয় বৰঞ্চ এক সুস্থিৰ সম্পৰ্কহে(It is better to say love as a stable relationship rather than a permanent one),আজি যদি এজন বিশেষ ব্যক্তিৰ উপস্থিতিত আপোনাৰ মস্তিস্কই অক্সিটোসিনৰ নিসৰণ কৰিছে তেনেহলে কাইলৈ বিভিন্ন জটিল কাৰণবশতঃ সেই ব্যক্তিজনৰ সান্নিধ্যৰ বিপৰীতে মস্তিস্কই অক্সিটোসিন নিসৰণ কৰা বন্ধ কৰিব পাৰে আৰু আন কোনো ব্যক্তিৰ বাবে মস্তিস্কই অক্সিটোসিন নিসৰণ কৰা আৰম্ভ কৰিব পাৰে৷আকৌ কোনো কাৰণবশতঃ আপোনাৰ মস্তিস্কই এজন ব্যক্তিৰ বিপৰীতে অক্সিটোসিনৰ নিসৰণ বন্ধ কৰি দিয়াৰ কিছু দিনৰ পিছত পুনৰ একেজন ব্যক্তিৰ ক্ষেত্ৰতেই অক্সিটোসিনৰ নিসৰণঃ আৰম্ভ কৰিব পাৰে৷সেয়ে আমি ক'ব পাৰো যে প্ৰেম এবাৰেই নহয় বাৰে-বাৰেও হ'ব পাৰে হয়তো একেজন ব্যক্তিৰ সৈতে অথবা বিভিন্নজনৰ সৈতে আৰু ইয়াৰ সৈতে তথাকথিত নৈতিকতাৰ কোনো সম্পৰ্ক নাই৷অৱশ্যে এজন সুস্থ ব্যক্তিৰ মস্তিস্কই একেসময়তে দুজন সংগীৰ বাবে অক্সিটোসিনৰ নিসৰণ কৰিবলৈ অক্ষম সেয়ে সমান্তৰাল প্ৰেম(parallel love)-একে সময়তে একাধিক ব্যক্তিক প্ৰেম কৰাক প্ৰাকৃতিক আচৰণ বুলিব নোৱাৰি৷

প্ৰেম বনাম যৌনতা এটা জটিল বিষয়৷অক্সিটোসিন আৰু যৌনতাৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই আৰু ই যৌন হৰমোনৰ শাৰীটো নপৰে৷অৱশ্যে আমাৰ মনস্তাত্বিক দিশৰ সৈতে জড়িত বিভিন্ন হৰমোন সমূহৰ প্ৰতিক্ৰিয়া একক নহয় এখন জালিকাসদৃশ৷আমাৰ সম্পূৰ্ণ মনস্তত্বিক দিশটো যদি এখন মকৰাৰ জাল তেনেহ'ল অক্সিটোসিন,ডপএমাইন বা ইষ্ট্ৰোজেন,এন্ড্ৰোজেনৰ দৰে যৌন হৰমোনবোৰ সেই একেখন জালৰেই একোডাল-একোডাল সূতা৷সেয়েহে আমি যদি এজন ব্যক্তিৰ সমগ্ৰ মনস্তাত্বিক দিশটো সূক্ষ্মৰূপত বিচাৰ কৰি চাওঁ তেনেহ'লে আমি অক্সিটোসিন আৰু যৌন হৰমোন সমূহৰ মাজত থকা আৰ্ন্তসম্পৰ্কক নুই কৰিব নোৱাৰো৷যিদৰে আমাৰ উদৰৰ ভোক থাকে একেদৰেই প্ৰতিজন প্ৰাপ্তবয়স্ক মানুহৰ যৌন ক্ষুধাও থাকে আৰু প্ৰেম যৌন ক্ষুধা নিবাৰণৰ এক অন্যতম মাধ্যম৷অৰ্থাৎ প্ৰেম আৰু যৌনতা সমাৰ্থক নহয় কিন্তু দুয়োৰে মাজত নিশ্চিতৰূপত এক আৰ্ন্তসম্পৰ্ক আছে৷সেয়ে বহুজনে কোৱাৰ দৰে প্ৰেম


This free site is ad-supported. Learn more